ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰে
গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ কালিৰ দিনটোত পুনৰ আক্ৰান্ত হয় ২,৮০৫জন লোক৷ বিগত ২৪ ঘণ্টাত অসমত মৃত্যু হয় ৩৫জনৰ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৬৪ শতাংশ৷ তাৰভিতৰত গোলাঘাটত সৰ্বাধিক জন আক্ৰান্ত হয়৷ জিলাখনত মুঠ ৩০৬জন লোক আক্ৰান্ত হয় কৰ'নাত৷
ডিব্ৰুগড়ত ২১৭জন, শোণিতপুৰত ১৬৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীত কালিৰ দিনটোত আক্ৰান্ত হয় ১৫৮জন লোক৷ অসমত বৰ্তমানলৈ আক্ৰান্ত হৈছে ৪৬৬৫৯০ জন লোক৷ চিকিৎসাধীন হৈ আছে ৩৯৮৩৭জন৷ ইপিনে আৰোগ্য লাভ কৰিছে ৪২১৩৭৮জনে৷ আৰু মৃত্যুৰ মুখত পৰিছে ৪০২৮জনে৷
Leave A Comment