National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
কৰিমগঞ্জঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি প্ৰশাসন ব্যৱস্থাও কঠোৰ হৈ পৰা দেখা গৈছে। কৰিমগঞ্জৰ চুড়াইবাৰীত অসম আৰক্ষীৰ অভিযানত কেইবালাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে।
আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিলৈ আন এজন তাৰকা
বৃহস্পতিবাৰৰ মাজনিশা তিনি মুছলমান যুৱকৰ সৈতে এখন বাহনত চুপ্ৰিয়া নাথ নামৰ এগৰাকী হিন্দু মহিলা দেখাৰ পাছত আৰক্ষীয়ে বাহনখনত অভিযান চলাই উদ্ধাৰ কৰে ১০হাজাৰ টেবলেট। টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৫০লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ ৰাহুল-প্ৰিয়ংকা গান্ধী
জানিব পৰা মতে পাথাৰকান্দিৰ পৰা নিষিদ্ধ টেবলেট ক্ৰয় কৰি প্ৰথমতে ধৰ্মনগৰ, ইয়াৰ পাছত আগৰতলালৈ লৈ যোৱাৰ কথা আছিল উক্ত নিচাজাতীয় টেবলেটখিনি। জব্দকৃত চাৰিচকীয়া বাহনখনৰ নং AS/11/U/1496।
Leave A Comment