আন্তঃৰাষ্ট্ৰীয়
হাজোঃ কাল কৰ’নাই প্ৰাণ কাঢ়িলে বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ। হাজোৰ জীয়ৰী বিজয়লক্ষ্মী দাসৰ মৃত্যুত এতিয়া শোকস্তব্ধ হাজোবাসী! গুৱাহাটীস্থিত ‘হায়াট হাস্পতাল’লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় বিজয়লক্ষ্মী দাসে।
আৰু পঢ়িব পাৰিব : কপিলী নৈত গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন !
শিল্পী তথা ‘পশ্চিম গুৱাহাটী মহাবিদ্যালয়’ৰ অধ্যাপিকাগৰাকীয়ে বিগত চাৰিদিন ধৰি জ্বৰত ভুগি আছিল। ২০২০ বৰ্ষত কৰ’না মহামাৰীক লৈ এটি গীত ৰচনা কৰি কণ্ঠয়ো নিগৰাইছিল বিজয়লক্ষ্মী দাসে।
আৰু পঢ়িব পাৰিব : ২ মে’ত কোন দলৰ হাতত পাঁচ ৰাজ্যৰ শাসনৰ বাঘজৰী?
তেওঁৰ মৃত্যুত অসমৰ লগতে হাজোৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি! অসমীয়া ছবি ‘সৰু বোৱাৰী’ৰ লগতে আৰু ‘ৰাজশ্ৰী থিয়েটাৰ’ত কেইবাবছৰ ধৰি সংগীত পৰিচালনা কৰিছিল বিজয়লক্ষ্মী দাসে। ড° বিজয়লক্ষ্মীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৮বছৰ। বিশিষ্ট সংগীত শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে তেওঁৰ সহঃ শিল্পীসকল।
Leave A Comment