Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
নগাঁওঃ নগাঁও চহৰৰ হয়বৰগাঁৱৰ খৰমপট্টী নিবাসী তথা ভাৰতীয় ষ্টেট বেংকৰ জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়া অখিল ৰঞ্জন গোস্বামী (৬৭)ৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ কালি নিশা গুৱাহাটীৰ আমিনগাঁওস্থিত জি এন আৰ চি হাস্পতালত মৃত্যু ঘটে।
আৰু পঢ়িব পাৰিব : প্ৰথমবাৰৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিন
বিগত ১মে'ৰ পৰা গোস্বামী আৰু তেওঁৰ পত্নী,পুত্ৰ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত অখিল ৰঞ্জন গোস্বামীৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক চিকিৎসাধীন কৰা হৈছিল। সম্প্ৰতি তেওঁৰ পত্নীৰ শৰীৰত ক’ভিড-১৯ নিগেটিভ হৈছে যদিও পুত্ৰ এতিয়াও ক’ভিডত আক্ৰান্ত হৈয়ে আছে। আজি মৃত গোস্বামীৰ অন্তিম সংস্কাৰ গুৱাহাটীৰ ভূতনাথ শ্মশানত কৰাৰ ব্যৱস্থা কৰা হৈছে।
Leave A Comment