Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে ভাৰততো ক’ভিডৰ ত্ৰাস অব্যাহত আছে। দেশত পুনৰ ২৪ ঘণ্টাত ৪ লক্ষাধিক আক্ৰান্ত হয়। বিগত ২৪ ঘণ্টাত ৪,১৪,৫৫৪জন আক্ৰান্ত হৈছে। ক’ভিড আক্ৰান্তৰ মৃতকৰ হাৰো বাঢ়িছে দেশত।
আৰু পঢ়িব পাৰিব : বিধ্বংসী অগ্নিকাণ্ড :নিঃশেষ হৈ গ’ল এখন স্থায়ী বজাৰ!
২৪ ঘণ্টাত ক’ভিডত মৃত্যু ৪,১৩৫ জনৰ। মুম্বাই, দিল্লী, তামিলনাডু, উঃ প্ৰদেশত আক্ৰান্তৰ হাৰ সৰ্বাধিক। ক’ভিডে ভয়াৱহতা মাতিছে কামৰূপ (মঃ) জিলালৈ। দৈনিক মুঠ আক্ৰান্তৰ এক পঞ্চমাংশই কামৰূপ (মঃ)ৰ।
আৰু পঢ়িব পাৰিব : ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে অৰ্পণ
২৪ ঘণ্টাত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৫,৭৫৬ জনলৈ বৃদ্ধি। কেৱল কামৰূপ (মঃ)-তে আক্ৰান্ত ১,৫৪৩ জন। ৬৫ সহস্ৰাধিকৰ পৰীক্ষা কৰাৰ পাছত পজিটিভ ৫,৭৫৬ জন। পৰীক্ষা অনুযায়ী আক্ৰান্তৰ হাৰ ৮.৮৪ শতাংশ। বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু ৫০ জন ক’ভিড ৰোগীৰ।
Leave A Comment