• কৰ’নাৰ সংক্ৰমণ: বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হয় ২,২৮৯ জন

    আঞ্চলিক
    কৰ’নাৰ সংক্ৰমণ:  বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হয় ২,২৮৯ জন

    গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ৷ বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হয় মুঠ ২,২৮৯ জন লোক৷ কালিৰ দিনটোত মৃত্যু হয় ২৬ জনকৈ লোকৰ৷





    আনহাতে কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ২.২৫ শতাংশ৷ ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাতেই সৰ্বাধিক লোক আক্ৰান্ত হয় কৰ'না ভাইৰাছত৷ মুঠ ২২৬ জন আক্ৰান্ত হয় কৰ'নাত৷ লখিমপুৰত আক্ৰান্ত হয় মুঠ ২১১জন, যোৰহাটত ১৫৮ জন, গুৱাহাটীত আক্ৰান্ত হয় ১৮১ জন লোক৷ শিৱসাগৰত কালিৰ দিনটোতে ৫ জন লোকৰ মৃত্যু হয়৷