• ক’ভিডক জয় কৰি স্ব-গৃহলৈ উভতিল ১০ মহীয়া শিশু

    আঞ্চলিক

    বিশ্বনাথঃ সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে কৰ’না মহামাৰীৰ ত্ৰাস! এসপ্তাহৰ পূৰ্বে বিশ্বনাথৰ নতুন গাঁৱত কৰ’নাৰ গণসংক্ৰমণে লৈছিল ভয়াৱহ ৰূপ৷ বৃদ্ধৰপৰা শিশুলৈকে আক্ৰান্ত হৈছিল প্ৰায় ৯০জন লোক৷

    ক’ভিডৰ হটস্পট হিচাপে পৰিগণিত হৈ পৰিছিল গাঁওখন৷ আক্ৰান্তসকলৰ ভিতৰত আছিল ৮টাকৈ শিশু। কিন্তু দেওবাৰে ১০ মহীয়া দুটি শিশু ক’ভিড মহামাৰীক পৰাভূত কৰি উভতি আহিল নিজ ঘৰলৈ৷

    প্ৰফুল্ল দাস নামৰ ব্যক্তজনৰ ১০মহীয়া শিশুটিয়ে ক’ভিড জয়ী কৰি সোঁ-শৰীৰে উভতি অহাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী। ইতিমধ্যে, গাঁওখনৰ সকলো ক’ভিড ৰোগীয়ে মহামাৰীক হৰুৱাই উভতি আহিছে নিজ নিজ বাসগৃহলৈ।

    Weather Forecast