• ভুৱা চাকৰিৰ প্ৰস্তাৱেৰে প্ৰৱঞ্চনা! আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ চক্ৰৰ পৰা উদ্ধাৰ ৫৪০ ভাৰতীয়ক

    ৰাষ্ট্ৰীয়
    ভুৱা চাকৰিৰ প্ৰস্তাৱেৰে প্ৰৱঞ্চনা! আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ চক্ৰৰ পৰা উদ্ধাৰ ৫৪০ ভাৰতীয়ক
    ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধ চক্ৰৰ জালত পৰা প্ৰায় ৫৪০ গৰাকী ভাৰতীয় লোকক থাইলেণ্ড আৰু  অন্য দেশৰ পৰা উদ্ধাৰ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী বাণ্ডি সঞ্জয়ে এই স্বদেশ প্রত্যাৱৰ্তন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি কয় যে এই ভাৰতীয় লোকসকলক চাইবাৰ অপৰাধ চক্ৰই ভুৱা চাকৰিৰ প্ৰস্তাৱেৰে প্রলোভিত কৰিছিল।

    ভাৰতীয় বায়ু সেনাৰ এখন বিমানেৰে সোমবাৰে ২৮৩গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰি স্বদেশলৈ প্রত্যৱৰ্তন কৰোৱা হয়। আনহাতে, দ্বিতীয়খন বিমানেৰে মঙলবাৰে মেই ছটৰ পৰা বাকী ভাৰতীয়সকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱা হয়। ইয়াৰে ৪২গৰাকী তেলুগু ৰাজ্যসমূহৰ বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। 

    প্ৰৱঞ্চনাৰ বলি হোৱা ভাৰতীয়সকলক থাইলেণ্ড, কম্বোডিয়া, লাওছ আৰু ম্যানমাৰৰ চাইবাৰ প্ৰৱঞ্চকে ভুৱা চাকৰিৰে প্রলোভিত কৰি দেশসমূহৰ কিছুমান ভুৱা কল চেণ্টাৰত নিয়োগ কৰি চাইবাৰ অপৰাধত জড়িত কৰাইছিল। 

    বৈদেশিক পৰিক্ৰমা ম্যালয়ে সদৰী কৰা অনুসৰি, ম্যানমাৰ-থাইলেণ্ড সীমান্তৰ কাষত থকা অঞ্চলসমূহত ভাৰতীয় লোকসকলক চাইবাৰ অপৰাধ আৰু প্ৰৱঞ্চনাৰ কামত জড়িত কৰাইছিল এই আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ চক্ৰই।

    উৎস- দৈনিক জনমভূমি




    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor