• ক’ভিডৰ বিৰুদ্ধে যোৱাবাৰৰ দৰে এইবাৰো সফলতাৰে যুঁজিম : মোদী

    আঞ্চলিক
    ক’ভিডৰ বিৰুদ্ধে যোৱাবাৰৰ দৰে এইবাৰো সফলতাৰে যুঁজিম : মোদী

    নতুন দিল্লী : বিগত বৰ্ষৰ দৰেই ভাৰতে এইবাৰো ক’ভিডৰ সৈতে সফলতাৰে যুঁজ কৰিব। বৰং এইবাৰ অধিক দ্ৰুততা আৰু সহোগিতাৰে এই যুঁজত অৱতীৰ্ণ হ’ব। এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।





    আৰু পঢ়িব পাৰিব :কৰ’নাৰ হটস্পট : কুম্ভমেলাৰ পৰা উভতি অহা ভক্তক কোৱাৰেণ্টীনৰ নিৰ্দেশ চৰকাৰৰ





    দেশৰ ক’ভিড পৰিস্থিতি সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। দেশৰ কেইবাখনো ৰাজ্যই ক’ভিডৰ প্ৰতিষেধকৰ নাটনি হোৱাৰ প্ৰসংগ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত মোদীয়ে সংশ্লিষ্ট বিষয়াবৰ্গক প্ৰতিষেধক উৎপাদন বৃদ্ধি কৰাৰ বাবে দেশৰ সমস্ত সামৰ্থ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।





    আৰু পঢ়িব পাৰিব :দুৰ্ঘটনাত পতিত হুঁচৰি দলৰ বাহন: থিতাতে নিহত ২





    এই বৈঠকৰ পাছত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰে যে, ‘দেশৰ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে বিভিন্ন ৰাজ্যৰ প্ৰস্তুতিৰ বুজ ল’লোঁ। অক্সিজেন. ভেণ্টিলেটৰ, ভেকচিন. দৰব আদিৰ সুলভতা সম্পৰ্কতো আলোচনা কৰিলোঁ। যোৱা বছৰ আমি যিদৰে কৰিছিলোঁ সেইদৰেই এইবাৰো ক’ভিডৰ সৈতে সফলতাৰে যুঁজ দিম। বৰং এইবাৰ অধিক দ্ৰুততাৰে আৰু সহযোগিতাৰে এই কাম কৰা হ’ব।’