• ক’ভিডৰ সংক্ৰমণ, ৬ দিনৰ বাবে বন্ধ অসম জাতীয় বিদ্যালয়

    আঞ্চলিক
    ক’ভিডৰ সংক্ৰমণ, ৬ দিনৰ বাবে বন্ধ অসম জাতীয় বিদ্যালয়

    ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ৷ এইবাৰ গুৱাহাটীৰ ‘অসম জাতীয় বিদ্যালয়’ৰ দুগৰাকী শিক্ষক আক্ৰান্ত হৈছে ক’ভিডত৷ যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৬দিনলৈ বিদ্যালয়খন বন্ধ থাকিব বুলি সদৰী কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে ক’ভিড সংক্ৰমণৰ বাবে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে৷





    এই সময়ছোৱাত বিদ্যালয়খনৰ পাঠদান আৰু প্ৰশাসনিক কাম-কাজ বন্ধ থাকিব৷ জানিব পৰা মতে ২৬ নৱেম্বৰ আৰু ২৭ নৱেম্বৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰী আৰু কিছুসংখ্যক শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা (RTPCR) কৰোৱা হৈছিল। উক্ত পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ দুগৰাকী শিক্ষকৰ দেহত ক’ভিডৰ অৱস্থিতিয়ে দেখা দিছে৷ যাৰ বাবে অহা ৬দিনলৈ বন্ধ হৈ পৰিল নুনমাটিৰ অসম জাতীয় বিদ্যালয়৷