Regional
গুৱাহাটী : ৪৩ সংখ্যক বেলতলা ব'হাগী উৎসৱ বাতিল কৰা হৈছে৷ কৰ'নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিন্ধান্ত গ্ৰহণ বিহু কমিটীখনৰ৷ ২৩, ২৪ আৰু ২৫ এপ্ৰিলত আছিল বিহুৰ এই কাৰ্যসূচীসমূহ৷ ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পন্ন হৈছিল ব'হাগী উৎসৱৰ৷ জুবিন, পাপন, মহালক্ষ্মী, শংকুৰাজৰ সংগীতানুষ্ঠান আছিল৷
আৰু পঢ়িব পাৰিব :ক’ভিড সংক্ৰমণৰ নতুন পথৰ সন্ধান লাভ কৰিছে গৱেষকে…
কিন্তু সকলো কাৰ্যসূচী ইতিমধ্যেই বাতিল কৰা হৈছে৷ সংবাদমেলযোগে এই কথা ঘোষণা কৰে বেলতলা বিহু সমিতিয়ে৷ চৰকাৰী এছঅ’পি মানি বিহু উদযাপন কৰাত অসুবিধা বুলি উল্লেখ কৰে বিহু কমিটীখনে৷
আৰু পঢ়িব পাৰিব :কৰ’নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত
এনে দুৰ্যোগৰ সময়ত শিল্পীসকলক সহায়ৰ হাত আগবঢ়াবলৈ স্বেচ্ছাসেৱী সংগঠনক আহ্বান কমিটীখনৰ।
Leave A Comment