• খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই আধাতে কাম সামৰিলে টি কে কোম্পানী

    আঞ্চলিক
    খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই আধাতে কাম সামৰিলে টি কে কোম্পানী

    মাজুলী : মাজুলীৰ এটা ভয়ংকৰ খবৰে নিদ্ৰাহৰণ কৰিছে নৈপৰীয়াৰ। খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই আধাতে কাম সামৰিলে মাজুলীৰ গৰা-খহনীয়া সুৰক্ষাৰ দায়িত্বত থকা বিৰ্তকিত টি কে কোম্পানী। জানিব পৰা মতে, ৪মাহে খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম বন্ধ হৈ আছিল। মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানীৰ মাজত চলিছিল শীতল যুদ্ধ। ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ৫০খনৰো অধিক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো সুৰক্ষাৰ কাম নকৰিলে টি কে কোম্পানীয়ে।





    আৰু পঢ়িব পাৰিব :সন্মুখত নিৰ্বাচন, ৰে’ল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক





    ইপিনে অভিযোগ অনুসৰি ব’ৰ্ডৰ বিষয়া-অভিযন্তাৰ ফোন নধৰে টি কে কোম্পানীৰ বিষয়াই। আনহাতে ২০৬ কোটি টকাৰ গৰাখহনীয়া ৰোধৰ প্ৰকল্পটোৰ পৰা প্ৰায় ১৩০ কোটিৰো অধিক টকা লুটিলে টি কে কোম্পানীয়ে। যাৰ বাবে মাজুলীৰ ভৱিষ্যত লৈ নামী আহিছে ভয়াৱহ সংকট।





    আৰু পঢ়িব পাৰিব :নৱ-নিযুক্ত এছআইলৈ সতৰ্কবাণী : প্ৰশিক্ষণকালত হেৰুৱাব পাৰে চাকৰি!





    কোম্পানীটোৰ লুণ্ঠনৰাজত বন্ধ হৈ থাকিল খৰালী মাহৰ কাম৷ ইপিনে মাজুলী শালমৰা , কামজান এলেঙী, কমলাবাৰী ফেৰীঘাট, মকত চাপৰি, নামনি সাৰআতি মিছামাৰীকে ধৰি বহু ঠাইত বৰ্তমানেও অব্যাহত আছে খহনীয়া। বাৰিষা এই অঞ্চলসমূহত অধিক ভয়াৱহ খহনীয়া হ'ব বুলি আশংকা প্ৰকাশ কৰিছে মাজুলীবাসীয়ে। কিন্তু মাজুলী সুৰক্ষাৰ নামত কোটি কোটি টকা উদৰস্থ কৰা বিভাগৰ বিষয়া-অভিযন্তাই টি কে কোম্পানীক নাকী লগাব নোৱাৰি এতিয়া কাৰ্যালয়তে শুই-বহি কটাইছে বুলিও অভিযোগ একাংশৰ।