• খৰালিত ভূমিস্খলন ! থিতাতে মৃত্যু এজনৰ...

    আঞ্চলিক
    খৰালিত ভূমিস্খলন ! থিতাতে মৃত্যু এজনৰ...

    কৰিমগঞ্জঃ ভূমিস্খলৰ ফলত কৰিমগঞ্জৰ পাথাৰকান্দিত থিতাতে মৃত্যু হয় যুৱক এজনৰ। আহত হৈছে মহিলাসহ এটি কণমানি শিশু। ঘটনাত নিহত হোৱা যুৱকৰ নাম লিয়াকত আলী। বিশেষভাৱে আহত হৈছে তাহেৰা বেগম নামৰ এগৰাকী মহিলা আৰু মাছুমা পাৰবিন নামৰ এগৰাকী পাঁচ বছৰীয়া কন্যা সন্তান। ভয়ংকৰ এই ঘটনা সংঘটিত হৈছে পাথাৰকান্দিৰ ইচাৰপাৰ গাঁৱত।





    আৰু পঢ়িব পাৰিব : সংগীতজ্ঞ কুল বৰুৱাৰ দেহাৱসান শিলপুখুৰীত…






    জানিব পৰা মতে ঘৰোৱা কাম কাজ কৰি থকাৰ সময়ত হঠাতেই কাষত থকা টিলাৰ এটা বৃহত অংশ লিয়াকত আলীৰ ঘৰৰ ওপৰত খহি পৰে আৰু লিয়াকত আঈ সম্পূৰ্ণৰূপে মাটিৰ তলত সোমাই যায়।





    আৰু পঢ়িব পাৰিব : এছআই কেলেংকাৰি : কেনেকৈ সঞ্জিত কৃষ্ণৰ হাতলৈ আহিছিল ৪০ লাখ?





    ঘটনাটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰকাৰ্যত নামি পৰে যদিও স্থানীয় লোকে বিফল হৈ আৰক্ষী অনুসন্ধান চকীত খবৰ দিয়াৰ পাছত আৰক্ষীৰ সহযোগত এক্সকেভেটৰৰ লগাই মাটি খান্দি লিয়াকত আলীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আনহাতে মহিলা আৰু কণমানি শিশুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। খৰালিৰ দিনত ভূমিস্খলনৰ ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।