ৰাষ্ট্ৰীয়
বৰপেটা : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা ৰেঞ্জত শোকাৱহ ঘটনা সংঘটিত হয়৷ গঁড়ৰ আক্ৰমণত নিহত হয় এগৰাকী ফৰেষ্ট বেটেলিয়নৰ জোৱান অনিমেশ ডেকা৷ ডেকাৰ ঘৰ বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাত ৷
আৰু পঢ়িব পাৰিব : সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা
এগৰাকী সতীৰ্থৰ সৈতে কেম্পৰ পৰা বজাৰলৈ ওলাই অহাৰ সময়তে সংঘটিত হয় ভয়াৱহ ঘটনা ৷ জংঘলৰ পৰা ওলাই অহা এটা গঁড়ৰ মুখামুখি হয় বন কৰ্মীদুগৰাকী ৷ গঁড়টোক আতৰাই পঠাবলৈ গুলি ফুটাই যদিও গঁড়টোৱে অনিমেশ ডেকাক আক্ৰমণ কৰাত তেওঁৰ থিতাতে মৃত্যু হয় ৷ অৱশ্যে সতীৰ্থ গৰাকী ৰক্ষা পৰে আক্ৰমনৰ পৰা৷
আৰু পঢ়িব পাৰিব : কৰ’নাৰ ভয়াবহতা : ভেকচিন লোৱাৰ পাছতো ৩৭ চিকিৎসক আক্ৰান্ত ক’ভিডত
গড়ঁৰ আক্ৰমনত মৃত্যুমুখত পৰা অনিমেশ ডেকাই প্ৰায় ৩ মাহ পূৰ্বে বিৱাহপাশত আৱদ্ধ হৈছিল৷ উক্ত গঁড়টোৱে পূৰ্বতেও কেবাজনকো আক্ৰমন কৰাৰ লগতে পূৰ্বতে মৃত্যুৰ ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে ৷ এই ঘটনাকলৈ বৰপেটা-বজালীত শোকৰ ছাঁ পৰিছে ৷
Leave A Comment