Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
শিলচৰ : ৰাজপথত অবৈধ গেট স্থাপন কৰি গুণ্ডা টেক্স সংগ্ৰহ শিলচৰ ৷ ঘটনাটো সংঘটিত হৈছে দেওবাৰে নিশা শিলচৰ চহৰৰ মাজমজিয়াত থকা ইএনডি কলনিত ৷ অভিযোগ মতে, অঞ্চলটোৰ একাংশ যুৱকে ৰাজপথত এখন অবৈধ গেট স্থাপন কৰি যোৱা তিনিচাৰি মাহৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰি আহিছে ৷
নিশা হলেই ৰাজপথেদি অহাযোৱা কৰা প্ৰতিখন ট্ৰাকে এই গেটত দিব লাগে ৪০০ পৰা ৫০০ টকাকৈ গুণ্ডা টেক্স ৷ আৰু গুণ্ডা টেক্স নিদিলে ট্ৰাক চালকক মাৰধৰ কৰা হয় বুলি অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে নিশা তেনে এক মাৰপিট ঘটনা সংঘটিত হৈছে এই স্থানত ৷ জানিব পৰা মতে, নিশা এখন বালি ভৰ্তি ট্ৰাকক ৫ জনীয়া অস্ত্ৰধাৰী এটা দলে টকা দাবী কৰে ৷ ট্ৰাক চালকে টকা দিয়াত অস্বীকাৰ কৰাৰ বাবে অস্ত্ৰধাৰী গুণ্ডাবাহিনীৰ দলটোৱে আক্ৰমণ কৰে ট্ৰাক চালকক৷
অৱশ্যে এই গুণ্ডা বাহিনীৰ পৰা কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় ট্ৰাক চালকজন ৷ এই ঘটনাৰ পাছত সকলো ট্ৰাক মালিক একত্ৰিত হৈ এই ঘটনাৰ উচিত ন্যায় বিচাৰ চাই তাৰাপুৰ আৰক্ষী চকীত এখন গোচৰ ৰুজু কৰিছে ৷
Leave A Comment