• গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত টিকাকৰণ শিবিৰ

    আঞ্চলিক
    গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত টিকাকৰণ শিবিৰ

    গুৱাহাটী: সমগ্ৰ বিশ্বৰ লগতে অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'নাক্ৰান্ত ৰোগীৰ সংখ্যা। সকলো প্ৰত্যাহ্বানক নেওচি সমুখ-সমৰৰ পৰা প্ৰতিজন সাংবাদিক, সংবাদকৰ্মীয়ে নিজৰ দায়িত্ব পালন কৰিছে। নিজৰ জীৱনকো তুচ্ছ কৰি জনসাধাৰণক প্ৰকৃত খা-খবৰ দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে সাংবাদিকসকলে।





    আৰু পঢ়িব পাৰিব : অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰঃ অপূৰ্ব ভট্টাচাৰ্য





    তেওঁলোকৰ সুৰক্ষাৰ লগতে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘গুৱাহাটী প্ৰেছ ক্লাব’-এ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ সহযোগত ৪৫ বছৰৰ ঊৰ্ধ্বৰ সাংবাদিক, সংবাদ কৰ্মীসকলৰ বাবে ভেকচিনেশ্যন কেম্পৰ আয়োজন কৰে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত আয়োজিত এই শিবিৰত মুঠ ৭০জনক প্ৰদান কৰা হয় ভেকচিন।





    আৰু পঢ়িব পাৰিব : মৰাণত দিন-দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড!





    অধিকাংশই প্ৰথমপালি ভেকচিন লোৱাৰ বিপৰীতে একাংশই গ্ৰহণ কৰে দ্বিতীয়পালি ভেকচিন। পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত এই শিবিৰলৈ সকলো সাংবাদিক, সংবাদকৰ্মীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।