Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
চিৰাং: বিটিএডিৰ চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ভৱানীপুৰৰ এটি পৰিয়ালৰ ফটো স্বয়ং অসম চৰকাৰৰ গৃহ বিভাগে বিদেশী ন্যায়াধিকৰণৰ ৱেব পৃষ্ঠাত বিদেশীৰ প্ৰতীক চিহ্ন হিচাপে কাটা তাঁৰৰ বেৰ লগাই ব্যৱহাৰ কৰা ঘটনা ফাদিল হোৱাৰ পাছত বিষয়টোক লৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, ২০১২ চনৰ ২৪ জুলাইত চিৰাঙৰ আই নৈৰ ওপৰত থকা হাগ্ৰামা ব্ৰীজৰ ওপৰত ফটোখন তুলিছিল চিৰাঙৰ সাংবাদিক আব্দুল মালেক আহমেদে। বিটিএডিৰ গোষ্ঠী সংঘৰ্ষৰ সময়ত নিজৰ প্ৰাণ বচাই পৰিয়ালটো পলাই আহিবলগীয়া হৈছিল।
টালি-টোপোলা লৈ অইন হাজাৰ হাজাৰ দুৰ্ভগীয়া লোকৰ দৰেই পৰিয়ালটো প্ৰাণৰক্ষাৰ স্বাৰ্থত নিৰাপদ স্থানলৈ আহি থকাৰ সময়তে সাংবাদিকে বাতৰিৰ বাবে ফটোখন তুলিছিল। পাছত সাংবাদিকগৰাকীয়ে বিটিএডিৰ গোষ্ঠী সংঘৰ্ষত আক্ৰান্ত হোৱা লোকৰ ফটোখন বাতৰি কাকতত প্ৰেৰণ কৰাৰ লগতে ফেচবুকতো আপলোড কৰিছিল| ফটোখন যথেষ্ট ভাইৰেল হৈ পৰিছিল। দেশ-বিদেশৰ আগশাৰীৰ বাতৰি কাকততো স্থান পাইছিল ফটোখনে। পাছৰ পৰ্যায়ত ভাৰতীয় নাগৰিকৰ ফটোখন বিদেশী ন্যায়াধিকৰণৰ ৱেব পৃষ্ঠাত অসম চৰকাৰৰ গৃহ বিভাগে কাটা তাঁৰৰ বেৰ লগাই দি বিদেশীৰ প্ৰতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰিছে। ইয়াকে লৈ পৰিয়ালটিয়ে তীব্ৰ অসন্তোষ্টি প্ৰকাশ কৰিছে।
আনহাতে, বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে লিখা ‘বিদেশী সমস্যা আৰু জাতীয় আন্দোলনৰ পথ’ নামৰ কিতাপখনতো ফটোখনক বেটুপাটত স্থান দিয়া হৈছিল। ‘আখৰ প্ৰকাশন’-এ প্ৰকাশ কৰি উলিওৱা কিতাপখনত কি তথ্যৰ ভিত্তিত এটা ভাৰতীয় পৰিয়ালক বিদেশী শব্দৰ সৈতে জড়িত কৰিলে, সেয়া এক ৰহস্যৰ বিষয়! বিদেশী ন্যায়াধিকৰণৰ ৱেবৰ বিদেশীৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা ফটোখনৰ পৰিয়ালটি ভৱানীপুৰৰ বাসিন্দা। তেওঁলোকে দেখুওৱা নথি অনুসৰি ১৯৫১ চনৰ পূৰ্বৰেপৰাই উক্ত গাঁওখনত বসবাস কৰে। ১৯৫১ চনৰ এনআৰচি, ১৯৬৬ চনৰ ভোটাৰ তালিকা আদি থকা পৰিয়ালটোক অসম চৰকাৰৰ গৃহ বিভাগৰ অন্তৰ্গত বিদেশী ন্যায়াধিকৰণে কাইটীয়া তাঁৰ লগাই উক্ত ফটো ব্যৱহাৰ কৰা কাণ্ডক গৰিহণা প্ৰদান কৰিছে বিভিন্ন দল-সংগঠনে।
Leave A Comment