• গ্ৰেপ্তাৰ এনআৰএলৰ উপ-মহাপ্ৰবন্ধক নিহাৰ শৰ্মা

    আঞ্চলিক
    গ্ৰেপ্তাৰ এনআৰএলৰ উপ-মহাপ্ৰবন্ধক নিহাৰ শৰ্মা

    গুৱাহাটী : মহিলা বিষয়াক প্ৰলোভনেৰে নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে নুমলীগড় শোধনাগাৰৰ উপ-মহাপ্ৰবন্ধক নিহাৰ শৰ্মা৷ কিছুদিন পূৰ্বে ‘প্ৰাগ নিউজ’ত মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰে উপ-মহাপ্ৰবন্ধকগৰাকীক৷

    বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নিহাৰ শৰ্মাক৷ ইয়াৰ পাছতে জেৰাৰ বাবে গোলাঘাটলৈ নিয়া হৈছে নিহাৰ শৰ্মাক৷

    ১৯ আগষ্টত এগৰাকী যুৱতী অভিযন্তাই নুমলীগড় আৰক্ষী চকীত যৌন নিৰ্যাতনৰ অভিযোগ আনি দাখিল কৰিছিল এজাহাৰ। অৱশ্যে সাংবাদিকৰ আগত সমগ্ৰ ঘটনাটোৰ অভিযোগক নস্যাৎ কৰে ধৃত নিহাৰ প্ৰসাদ শৰ্মাই। কোনো ব্যক্তিগত আখেজ পুৰাবলৈ যুৱতীগৰাকীয়ে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰিছে ডিজিএমগৰাকীয়ে।