National
Mr Adani, who controls a conglomerate that includ
গুৱাহাটীঃ ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ হৈছে দুগৰাকী ভুৱা চিকিৎসক। ভুৱা ডিগ্ৰীধাৰী চিকিৎসক ক্ৰমে মনোৰঞ্জন ৰয় আৰু হৃষীকেশ ভূঞা৷ ‘শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়’ৰ ভুৱা এমবিবিএছ ডিগ্ৰী লৈছিল দুয়োগৰাকীয়ে। ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাই মহানগৰীৰ ‘প্ৰতীক্ষা হাস্পতাল’ত কাম কৰি আছিল দুয়োগৰাকীয়ে।
আৰু পঢ়িব পাৰিব: ক’ভিডত পুত্ৰক হেৰুৱালে দেশৰ এইগৰাকী জ্যেষ্ঠ ৰাজনীতিকে
দুয়োগৰাকী মুন্নাভাইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ‘শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়’-এ। দুয়োগৰাকী ভুৱা চিকিৎসকৰ বিৰুদ্ধে ভঙাগড় থানাত ৰুজু হৈছিল গোচৰ। বুধবাৰে ক্ৰাইম ব্ৰাঞ্চে বশিষ্টৰ পাথৰ কুঁৱেৰীৰ পৰা আটক কৰে দুয়োকে। বুধবাৰে ওৰেনিশা জেৰা চলাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে দুয়োকে৷
আৰু পঢ়িব পাৰিব: ৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?
২০১৯ৰ পৰা চিকিৎসক হিচাপে কাম কৰি আছিল দুয়োগৰাকী ধৃতই। হোমিঅ’পেথিক ডিগ্ৰী লৈ এমবিবিএছ বুলি পৰিচয় দিছিল কৰ্তৃপক্ষক। আৰক্ষীৰ জেৰাৰ অন্তত সকলো তথ্য পোহৰলৈ আহিছে।
Leave A Comment