• ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

    আঞ্চলিক
    ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

    গুৱাহাটী : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল৷ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ৷ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ৷ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ৷ বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩২,৯১৭ জন৷ দ্বিতীয় বিভাগত ৪,৬০৯ জন উত্তীৰ্ণ হয়৷





    বিজ্ঞানত তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৫৪২ জন৷ কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৫৮,২৪৪ জন৷ কলাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৮৯,৫২০ জন৷ কলাত তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪২,০২৯ জন৷ বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ১১,১৮৯ জন৷ বাণিজ্যত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৫,৪৯৭ জন৷





    বাণিজ্যত তৃতীয় বিভাগত উত্তীৰ্ণ হয় ১,৬৭৮ জন৷ কলা শাখাত মাজুলীত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৯৯.৯১ শতাংশ৷ কলাত দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ ৯৯.৮৬ শতাংশ৷ কলা শাখাত কৰিমগঞ্জত উত্তীৰ্ণৰ হাৰ ৯৯.৬৯ শতাংশ৷ বাণিজ্য শাখাত ১৩ খন জিলাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ৷ বিজ্ঞান শাখাত ডিমা হাছাওত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ৷