আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : বহু প্ৰতিবাদ তথা আলোচনাৰ অন্তত চন্দ্ৰপুৰবাসীয়ে লাভ কৰিলে ন্যায়৷ চন্দ্ৰপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য বিঘ্নিত কৰি চৰকাৰে ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত লোৱাক লৈ বহুদিন ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল অঞ্চলটোৰ ৰাইজে৷ আজি মন্ত্ৰী অশোক সিংঘালে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড নহয় বুলি জানিবলৈ দিয়ে৷
ডাম্পিং গ্ৰাউণ্ড দীপৰ বিলতো নহয় যদিও বিলৰ গাতে লাগি থকা বৰাগাঁৱত হ'ব। ইক' ছেনচিটিভ জ'ন শেষ হোৱা স্থানৰ পৰাই আৰম্ভ হ'ব ডাম্পিং গ্ৰাউণ্ড। এনজিটিৰ হেঁচা থকাৰ বাবে চন্দ্ৰপুৰত অস্থায়ীভাবে ব্যৱহাৰ কৰা হৈছিল এই গ্ৰাউণ্ড৷
তদুপৰি এই গ্ৰাউণ্ড ব্যৱহাৰ কৰাৰ সময়ত পৰিৱেশত যাতে একো প্ৰভাৱ নপৰে আৰু কাৰো যাতে একো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব বুলি মন্ত্ৰী অশোক সিংঘলে জানিবলৈ দিয়ে৷
Leave A Comment