• চিকিৎসালয়ত শৌচালয়ত বিহাৰৰ লোকৰ মৃতদেহ উদ্ধাৰ

    আঞ্চলিক
    চিকিৎসালয়ত শৌচালয়ত বিহাৰৰ লোকৰ মৃতদেহ উদ্ধাৰ

    গুৱাহাটী : উত্তৰ গুৱাহাটীৰ আমিনগাঁও তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত আজি এটা মৃতদেহ উদ্ধাৰ হয়। চিকিৎসালয়খনৰ শৌচালয়ত উদ্ধাৰ হয় অচিনাক্ত লোকৰ মৃতদেহটো৷ ঘটনাস্থলীত উপস্থিত হয়হি উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীৰ লোক।





    আৰু পঢ়িব পাৰিব : অসহিষ্ণুতা! ‘পাকিস্তান মুৰ্দাবাদ’ ধ্বনি দিবলৈ যুৱকক নিৰ্যাতন





    উল্লেখ্য যে মৃতদেহৰ লগত উদ্ধাৰ হৈছে চিৰিঞ্জ আৰু ড্ৰাগছৰ কণ্টাইনাৰ। লগত থকা নথি-পত্ৰ অনুযায়ী লোকজন বিহাৰৰ মোজাফৰ নগৰৰ সন্তোষ ৰয় বুলি জানিব পৰা গৈছে। লোকজন ড্ৰাগছ আসক্ত হৈ আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীয়ে।





    আৰু পঢ়িব পাৰিব : এইবাৰ অসমত বিহু হ’বইঃ হিমন্তৰ ঘোষণা





    অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য। চিকিৎসালয়খনৰ শৌচালয়ত কিদৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে তাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।