• চিৰাঙত আটক তেল চোৰৰ সৈতে জড়িত ২ ধৃত

    আঞ্চলিক
    চিৰাঙত আটক তেল চোৰৰ সৈতে জড়িত ২ ধৃত

    চিৰাং: বুধবাৰে বিয়লি বঙাইগাঁৱৰ ১নং নাচনকুৰীত এখন তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে হাতেলোটে ২টাকৈ তেল চোৰক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ পমখেদি গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে ১নং নাচনকুৰীৰ ‘মা কালী হোটেল’ৰ সমীপৰ মণ্ডল বজাৰ পথত AS-19C- 8487 নম্বৰৰ তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি থাকোঁতে গ্ৰেপ্তাৰ কৰা চোৰ দুটা জমৰউদ্দিন সৰকাৰ(৩৯) আৰু হবিবৰ ৰহমান(৪০)।





    ইয়াৰে জমৰউদ্দিন টেংকাৰখনৰ চালক আৰু হবিবৰ ৰহমান ঠেলাচালক। উভয়ৰে ঘৰ ১নং নাচনকুৰীত। উল্লেখ্য টেংকাৰৰ খনৰ পৰা তেল চুৰি কৰি মুঠ ৫ টাকৈ ড্ৰামত ভৰ্তি কৰি এখন ঠেলাত লোড কৰি থাকোঁতেই আৰক্ষীৰ অভিযানত তেল চুৰিৰ ঘটনাটো পোহৰলৈ আহে। চুৰি কৰা তেলৰ পৰিমাণ মুঠ ৪০০ লিটাৰ। আৰক্ষীয়ে ঘটনাস্থলীৰপৰা টেংকাৰ, ঠেলাসহ তেল চুৰিত ব্যৱহৃত সা-সামগ্ৰী জব্দ কৰাৰ লগতে চোৰ দুটাকো গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত মাণিকপুৰ থানাত ৩২৯/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰা হয়।