• চিৰাঙত আৰক্ষীৰ গুলীত নিহত হত্যাকাৰী!

    আঞ্চলিক
    চিৰাঙত আৰক্ষীৰ গুলীত নিহত হত্যাকাৰী!

    চিৰাং: চিৰাং জিলাৰ বিজনী কাচদহাত মঙলবাৰে নিশা গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাৰী আব্দুল খালেক(২০)আৰক্ষীৰ গুলীত নিহত হয়। মঙলবাৰে বিজনী থানাৰ পৰা নিজৰ কৰ্তব্য সামৰি কাচদহাৰ ঘৰলৈ গৈ থকা অৱস্থাত নিশা দাৰে ঘপিয়াই হত্যা কৰিছিল গৃহৰক্ষী জোৱানজনক। লগে লগে ঘটনাস্থলীত চিৰাং আৰু বঙাইগাঁও জিলা আৰক্ষী অধীক্ষককে আদি কৰি দুয়োখন জিলাৰ সীমান্তৱৰ্তী হোৱা বাবে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল।





    আৰক্ষীয়ে দিনে-নিশাই তদন্ত কৰি পাৰিবাৰিক কন্দলৰ ফলত নিহত হোৱা বুলি নিশ্চিত হৈছিল। তাৰ পাছতে আৰক্ষীয়ে প্ৰথমে এই ঘটনাৰ সৈতে জড়িত ভাণ্ডাৰা বজাৰৰ ফাৰ্মাচিষ্ট ছফিউৰ খন্দকাৰ (৩০)ক গ্ৰেপ্তাৰ কৰাৰ পাছতে সকলো তথ্য উদঘাটন কৰিবলৈ সক্ষম হয় চিৰাং আৰক্ষী। খন্দকাৰে গৃহৰক্ষী জোৱান ইয়াদ আলীক হত্যা কৰিবলৈ দুজন লোকক দায়িত্ব দিয়াৰ লগতে হত্যাৰ বিনিময়ত ডেৰলাখ টকা দিয়া বুলি চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে সংবাদমেলত জনায়। সংবাদমেলত লগতে উল্লেখ কৰে ফাৰ্মাচিষ্টৰ তথ্যৰ ভিত্তিত দুজনকৈ হত্যাকাৰী ক্ৰমে আব্দুল খালেক(২০) আৰু আয়ুব আলী (১৮)ক গ্ৰেপ্তাৰ কৰে।





    হত্যাকাণ্ড সংঘটিত হোৱা স্থানত তদন্তৰ বাবে কাচদহাৰ খেতিপথাৰলৈ যোৱাত, হত্যাকাণ্ডত ব্যৱহৃত হোৱা অস্ত্ৰ উদ্ধাৰৰ বাবে লোৱাত হত্যাকাৰী আব্দুল খালেকে বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ পিষ্টল কাঢ়ি লৈ আৰক্ষীক গুলিয়াবলৈ লওঁতেই আৰক্ষীয়েও গুলীয়ায়। আব্দুল খালেক আৰক্ষীৰ গুলীত আহত হোৱাত বিজনী ভেটাগাঁও প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও আব্দুল খালেকৰ মৃত্যু হয় বুলি সংবাদমেলত জনায় চিৰাং জিলা আৰক্ষী অধীক্ষকে। সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ো উপস্থিত থাকে। সংবাদমেলত প্ৰকাশ কৰা মতে, নিহত হোৱা হত্যাকাৰী আব্দুল খালেকে নিজৰ পত্নীক হত্যা কৰি পুতি থোৱাৰ অভিযোগত জে’লতো গৈছিল। আব্দুল খালেক অসমৰ বিভিন্ন ঠাইত ভাৰাতীয়া হত্যাকাৰী হিচাপেও পৰিচয় আছে বুলি জানিব পৰা গৈছে।