• চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ

    আঞ্চলিক
    চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ

    চিৰাং: এক গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত এছএছবিৰ ৩৮নং‌ বেটেলিয়নৰ সহযোগত বাসুগাঁও আৰক্ষীচকীৰ নিকটৱৰ্তী হাদানপাৰাত অভিযান চলাই বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব : মাত্ৰ ২০ টকাৰ বাবেই পদপথৰ ব্যৱসায়ীক মৰিয়াই হত্যা





    অভিযানত হাদানপাৰাৰ এনডিএফবি (আৰ ডি‌) গোটৰ জেলেন নাৰ্জাৰী ওৰফে জেব্ৰা নামৰ ব্যক্তিগৰাকীৰ ঘৰত তালাচী চলাই ৯৫টা একে ছিৰিজৰ সজীৱ গুলী, ৯টা ৰাইফলৰ সজীৱ গুলী, এটা ৭.৬৫ সজীৱ গুলী, এটা সন্দেহযুক্ত হাতীৰ দাঁত(ওজন প্ৰায় ৭০০ গ্ৰাম) উদ্ধাৰ কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব : পঞ্চায়তৰ সভাপতি-সচিবৰ দায়িত্বহীনতাত অতিষ্ঠ ৰাইজ






    ঘটনা সন্দৰ্ভত জেব্ৰা নামৰ অভিযুক্তগৰাকীক আটক কৰি বাসুগাঁও আৰক্ষী থানাত 05/21u/s 25(1B) আইনৰ অধীনত আৰু ৱাইল্ড লাইফ প্ৰ'টেকশ্যনৰ অধীনত গোচৰ ৰুজু‌ কৰা হৈছে বুলি জানিব পৰা গৈছে।