• চুপাৰী কিলাৰ নীৰজ সিং অসম আৰক্ষীৰ জিম্মাত

    আঞ্চলিক

    গুৱাহাটীঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হৈ থকাৰ সময়তে বিহাৰত গ্ৰেপ্তাৰ হৈছিল ব্যৱসায়ী ত্ৰিভূৱন গুপ্তাৰ হত্যাকাৰী৷ বিহাৰত গ্ৰেপ্তাৰ হোৱা চুপাৰী কিলাৰ নীৰজ সিঙক ভৰলুমুখ আৰক্ষীয়ে নিজৰ জিম্মাত লয়৷ ২০১৮ত ব্যৱসায়ী ত্ৰিভূৱন গুপ্তাক হত্যা কৰিছিল নীৰজে৷

    পইণ্ট ২২এমএম পিষ্টলেৰে পেটত গুলীয়াইছিল ত্ৰিভূৱন গুপ্তাক৷ কোনে ত্ৰিভূৱন গুপ্তাক হত্যা কৰিবলৈ চুপাৰী দিছিল নীৰজক? সেই সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ডৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷

    শুকুৰবাৰে নীৰজক ট্ৰেনজিৎ ৰিমাণ্ডত বিহাৰৰ পৰা আনিছিল আৰক্ষীয়ে।

    Weather Forecast

    ASSAM WEATHER