• চেন্নাইৰ বিৰুদ্ধে পৰাজয়েই নহয়, মৰ্গানৰ মূৰত জৰিমনাৰো বোজা…

    আঞ্চলিক
    চেন্নাইৰ বিৰুদ্ধে পৰাজয়েই নহয়, মৰ্গানৰ মূৰত জৰিমনাৰো বোজা…

    মুম্বাই : কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক ইয়ন মৰ্গানে ১২লাখ টকাৰ জৰিমনা ভৰিব লাগিব| এই নিৰ্দেশ আইপিএল ২০২১ কৰ্তৃপক্ষৰ| চেন্নাইৰ বিৰুদ্ধে পৰাজিত হোৱাৰ গ্লানিৰ লগতে জৰিমনাৰ ভাৰো ব’বলগীয়া হ’ল অধিনায়কজনে। উল্লেখযোগ্য যে, আন্ড্ৰে ৰাছেল আৰু পেট কমিঞ্চৰ বিস্ফোৰক প্ৰদৰ্শনৰ পাছতো বুধবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দলটোৱে ১৮ৰানত পৰাজিত হৈছিল|





    আৰু পঢ়িব পাৰিব: ঐশ্বৰ্য্য ৰায়ৰ সৈতে প্ৰথমে কিদৰে লগ হৈছিল ‘প্ৰডাকচন বয়’ অভিষেক





    আইপিএল ২০২১ৰ নিৰ্দেশাৱলী অনুসৰি মন্থৰ অভাৰ ৰেটিঙৰ বাবে দলটোৰ অধিনায়কে প্ৰথম পৰ্যায়ত ১২লাখ টকাৰ জৰিমনা ভৰিব লাগে| দ্বিতীয় পৰ্যায়ত এই পৰিমাণ দুগুণ অৰ্থাৎ ২৪লাখ টকা পৰিশোধ কৰিব লাগে। কিন্তু দলটোৰ আন সদস্যই একেটা দোষত ২৫শতাংশ মেছ ফী বা ৬লাখ টকাৰ জৰিমনা ভৰিব লাগে|





    আৰু পঢ়িব পাৰিব: ৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?





    কিন্তু এই অপৰাধ তৃতীয়বাৰ কৰিলে দলটোৰ অধিনায়কে ৩০লাখ টকা জৰিমনা ভৰাৰ লগতে এখন খেলত নিষিদ্ধ হ’ব| আনহাতে দলটোৰ অইন খেলুৱৈসকলে ১২লাখ টকাৰ জৰিমনা ভৰিব লাগিব| মৰ্গানে তেওঁৰ দলে নিৰ্ধাৰিত সময়ত বলিং সমাপ্ত কৰিব নোৱৰা অৰ্থাৎ শ্লো অভাৰ ৰেটৰ বাবে এই জৰিমণা ভৰিবলগীয়া হৈছিল।