• চৰকাৰৰ এছঅ'পিত হতাশ বাছৰ চালক, কৰ্মচাৰী !

    আঞ্চলিক
    চৰকাৰৰ এছঅ'পিত হতাশ বাছৰ চালক, কৰ্মচাৰী !

    গুৱাহাটী : শেহতীয়াকৈ প্ৰকাশ পোৱা এছঅ'পিক লৈ অসন্তুষ্ট বাছ চালক আৰু কৰ্মচাৰীসকল৷ বিভ্রান্তিকৰ এছঅ'পিক লৈ সৰব হৈ পৰিছে সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থা৷ আন্তঃজিলা বাছসেৱা বন্ধ আছে যদিও ৰে'লসেৱা খোলা আছে৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধীতাৰে ISBT ত সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থাই আজি এক সংবাদমেল অনুষ্ঠিত কৰে৷






    সংবাদমেলত তেঁওলোকে কয় চৰকাৰে ১৫ আগষ্টৰ পাছত শিথিলতা অহাৰ কথা কৈছিল যদিও নহল৷ তেনে ক্ষেত্ৰত পৰিয়াল কেনেকৈ চলিব তাক লৈ সমস্যাৰ সন্মুখীন হৈছে৷ সম্পাদক ৰূপম দত্তই "একো নাথাকিলে  মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৰত আমাক কোৰ মাৰিবলৈ দিয়ক। নহলে আমাৰ খাবলৈ একো নাই।" বুলিও উল্লেখ কৰে৷





    চালক সন্থাই মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাই কয়, "আমি মাক্স পিন্ধা এৰি দিছো, আপোনালোকে নিৰ্দেশ কৰক ক'ভিড কেন্দ্ৰত আমি গাড়ী ৰখাম৷ যিধৰণে নিৰ্দেশ দিয়ে তাকে মানি লম, মাথোন গাড়ী চলাব দিয়ক।"