• জিলা ন্যায়িক ব্যৱস্থাৰ ইতিহাসত লিপিবদ্ধ হোজাইৰ নাম

    আঞ্চলিক
    জিলা ন্যায়িক ব্যৱস্থাৰ ইতিহাসত লিপিবদ্ধ হোজাইৰ নাম

    হোজাই : জিলা ন্যায়িক ব্যৱস্থাৰ ইতিহাসত লিপিবদ্ধ হ'ল হোজাই জিলাৰ নাম। আজি হোজাইত আনুষ্ঠানিকভাৱে মুকলি হ'ল জিলা ন্যায়াধীশ আৰু ছেছন ন্যায়াধীশ আদালত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুমন শ্যামে মুকলি কৰে জিলা ন্যায়িক ব্যৱস্থা। আজিৰেপৰা হোজাই জিলাৰ শংকৰদেৱ নগৰত জিলা আৰু জিলা ছেছন ন্যায়াধীশ আদালতৰ কামকাজ আৰম্ভ হয়।





    আৰু পঢ়িব পাৰিব  : ৰাজ্যত পুনৰ ক’লা হীৰাৰ ছিণ্ডিকেট: ৰহস্যজনক স্থিতি পৰিবহণ বিভাগৰ





    শনিবাৰে এই উপলক্ষে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মুখ্য ন্যায়াধীশগৰাকীক পত্নীসহ গায়ন-বায়নেৰে উষ্ম আদৰণি জনোৱা হয়। মুখ্য ন্যায়াধীশগৰাকীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে ফিটা কাটি জিলা ন্যায়াধীশ আদালতৰ দ্বাৰ উন্মোচন কৰে।





    আৰু পঢ়িব পাৰিব  : পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰে কন্যা সন্তানসহ তিনিজনকৈ লোকৰ সংকটজনক অৱস্থা





    অনুষ্ঠানত হোজাই আৰু নগাঁও জিলা ন্যায়াধীশ আদালতৰ ন্যায়াধীশ আৰু অধিবক্তাসকল উপস্থিত থাকে। উল্লেগযোগ্য যে, ১৯৮২ চনতে হোজাই মহকুমাত আৰম্ভ হৈছিল ন্যায়িক ব্যৱস্থা। তাৰ পাছত ৩৯টা বছৰৰ পাছত শনিবাৰে আনুষ্ঠানিকভাৱে মহকুমা ন্যায়িক আদালতে জিলা ন্যায়িক আদালতৰ ৰূপ লাভ কৰিবলৈ সক্ষম হয়।