আন্তঃৰাষ্ট্ৰীয়
ৰহা : ৰহাৰ খাইগড়ত বৃহস্পতিবাৰে এগৰাকী বনকৰা কিশোৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাক কেন্দ্ৰ কৰি কাৰ্বি পাহাৰত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া৷ ৰহাৰ খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰে পশ্চিম কাৰ্বিপাহাৰৰ চুমিলা ৰংহাংপী নামৰ এই কিশোৰীক পঢ়ুৱাবলৈ নিছিল৷ পঢ়ুৱাবলৈ নিয়া কিশোৰীগৰাকীক পাছত পৰিয়ালটোৱে ঘৰত বনকৰা শিশুৰূপে ৰখোৱাৰো অভিযোগ উত্থাপন হয়৷
আৰু পঢ়িব পাৰিব: ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীক দিয়া হ’ব টকা !
উল্লেখ্য যে, আজি ডিফু প্ৰেছ ক্লাবত এজেৱাইচিপিকে ধৰি কাৰ্বি, ডিমাচা, কুকি, ৰেংমা, তিৱা, গোৰ্খা, আদিবাসী, গাৰো আদি ১২টা ছাত্ৰ সংগঠনে এখন সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলখনত ১২বছৰীয়া কিশোৰীগৰাকীক প্ৰকাশ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নজ্যোতি বৰঠাকুৰে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হয়৷
আৰু পঢ়িব পাৰিব: অবৈধ প্ৰেমৰ পৰিণতি : হত্যাকাণ্ডৰ বলি হ’ল বিশিষ্ট ব্যৱসায়ী হৰিপদ তালুকদাৰ
ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো তুলিলে দাবী সংগঠনকেইটাই৷ লগতে চৰকাৰৰ ওচৰত কিশোৰীগৰাকীৰ পৰিয়ালক ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰো দাবী জনালে সংগঠনকেইটাই৷
Leave A Comment