• জীৱনৰ পৰম আকাংক্ষিত মুহূৰ্তৰ সাক্ষী হ'বলৈ নাপালে শিক্ষক গোলোক শৰ্মাই

    আঞ্চলিক
    জীৱনৰ পৰম আকাংক্ষিত মুহূৰ্তৰ সাক্ষী হ'বলৈ নাপালে শিক্ষক গোলোক শৰ্মাই

    মঙলদৈ : সূদীৰ্ঘ তেত্ৰিশ বছৰ বিনাবেতনে শিক্ষকতা কৰাৰ পাছত অৱশেষত প্ৰাদেশীকৰণ হ'ল বিদ্যালয়। কিন্তু নিজৰ জীৱনৰ পৰম আকাংক্ষিত এই মুহূৰ্তৰ সাক্ষী হ'বলৈ নাপালে ছিপাঝাৰৰ শিক্ষক গোলোক শৰ্মাই। বিদ্যালয় প্ৰাদেশীকৰণৰ চূড়ান্ত হোৱাৰ পূৰ্বেই দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে শিক্ষক গোলোক শৰ্মা।





    আৰু পঢ়িব পাৰিব : ১০০১দিনৰ কাৰাৰুদ্ধ জীৱনৰ অন্তত স্বগৃহত এগৰাকী সংগ্ৰামী





    বিদ্যালয় প্ৰাদেশীকৰণৰ তালিকা প্ৰকাশ হোৱাৰ পাছৰে পৰা গোলোক শৰ্মাৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। উল্লেখ্য যে অপ্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে ঘৰে ঘৰে কিতাপ-কাগজ বিক্ৰী কৰি কোনোমতে পেটৰ ভাতমুঠি যোগাৰ কৰা গোলোক শৰ্মাৰ পুত্ৰ বিতোপন শৰ্মাই ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল। কিন্তু গোলোক শৰ্মাৰ মৃত্যুৰ লগে লগে পত্নী আৰু একমাত্ৰ পুত্ৰৰ জীৱনলৈও নামি আহে অমানিশা।





    আৰু পঢ়িব পাৰিব : অমানুষিক : গৌৰীপুৰত বিদ্যুতৰ খুটাত বান্ধি যুৱতীক নিৰ্যাতন





    ইয়াৰ উপৰি থাকিবলৈ এখন ঘৰ নোহোৱা মাতৃ-পুত্ৰ এতিয়া আন এটা পৰিয়ালৰ সৈতে বসবাস কৰিব লগা হৈছে৷ তেনে ক্ষেত্ৰত চাকৰি কাল এতিয়াও এবছৰ বাকী থকাৰ পূৰ্বেই মৃত্যু হোৱা গোলোক শৰ্মাৰ পৰিয়ালটিৰ ক্ষেত্ৰত অনুকম্পামূলক হিচাপে হ'লেও কিবা এটা কৰিবলৈ পৰিয়ালটোৱে কাতৰ আহ্বান জনাইছে চৰকাৰক।