Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
জোনাইঃ জোনাইত মঙলবাৰে জব্দ কৰা হয় এডাল কেকোঁ সাপ। জোনাইৰ মিগম দলুঙৰ এটা পৰিয়ালত উদ্ধাৰ কৰা হয় বিৰল প্ৰজাতিৰ কেকোঁ সাপডাল। জানিব পৰামতে জোনাই মহকুমা কৃষক মুক্তি সংগ্রাম সমিতিৰ একাংশ কৰ্মীৰ খবৰৰ ভিত্তিত জোনাই আৰক্ষী আৰু বন বিভাগে মিগম দঃলুঙৰ নিবাসী ফিলিপ ওৰাং নামৰ লোকজনৰ ঘৰত অভিযান চলাই এটা টেমাৰ ভিতৰত লুকাই ৰখা অৱস্থাত জব্দ কৰা হয় কেকোঁ সাপডাল।
অৱশ্যে কেকোঁ সাপডাল জব্দ কৰে যদিও আটক কৰিবলৈ সক্ষম নহল বহু দিনৰ পৰা কেকোঁ সাপকে ধৰি বিভিন্ন চোৰাং ব্যৱসায় চলাই অহা ফিলিপ ওৰাং নামৰ ব্যক্তজনক। আমাৰ সাংবাদিকে জনোৱা অনুসৰি জব্দৰকৃত কেকোঁ সাপডাল মুকলি কৰি দিয়া হ’ব জোনাইৰ পবা বনাঞ্চলত।
Leave A Comment