National
The disaster left some 230000 people dead in 15 countries including Indonesia, Sri Lanka, India, the Maldive
গুৱাহাটী : জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনকভাৱে মৃত্যু হয়। হাতীগাঁৱৰ এটা নলাৰ পৰা উদ্ধাৰ হয় পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহটো৷ জানিব পৰা মতে, নিশা পানী-মটৰৰ ছুইচ দিবলৈ আহি নিখোজ হৈছিল চুতীয়া৷ আৰু পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিছিল৷
আৰু পঢ়িব পাৰিব : পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ,স্মৃতি ইৰাণী
অৱশেষত বিভা আলয়ৰ সমুখৰ নলাত উদ্ধাৰ হয় ক্ৰীড়া সাংবাদিক গৰাকী মৃতদেহ। আৰক্ষীয়ে জানিব দিয়া অনুসৰি শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাই। ইতিমধ্য়ে ঘটনা স্থলীত উপস্থিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া। এক বিশেষ সূত্ৰই জানিব পৰা মতে, পূৰ্বতে দুটাকৈ আপত্তি জনক মেছেজ কোনোলোকে প্ৰেৰণ কৰিছিল পূৰ্বজ্যোতি চুতিয়ালৈ।
আৰু পঢ়িব পাৰিব : বিভ্ৰান্তিকৰ বিজ্ঞাপন : বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষত কংগ্ৰেছ
ইতিমধ্যেই আৰক্ষীয়ে তদন্তৰ বাবে লৈছে চুতীয়াৰ মোবাইলটো৷ পৰবৰ্তি পৰ্যায়ত সকলো ঘটনা পোহৰলৈ আহিব বুলি মন্তব্য আৰক্ষীৰ৷ ইপিনে অসমৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে বিভিন্নজনে৷ অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনৰ গভীৰ শোক প্ৰকাশ।
Leave A Comment