Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
কলম্বোঃ শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৱে জয়েৰে অভিযান আৰম্ভ কৰিছে। শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত হ’বলগীয়া ৩খন এদিনীয়া শৃংখলাৰ প্ৰথম খেলতে ভাৰতে চমকপ্ৰদ প্ৰদৰ্শন তুলি ধৰিবলৈ সক্ষম হৈছে। টছত জিকি শ্ৰীলংকাই প্ৰথমে বেট কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ বলিং আক্ৰমণত প্ৰথমৰ পৰাই শ্ৰীলংকাৰ অৱস্থা থৰক-বৰক হৈ পৰে। ৫০অ’ভাৰৰ খেলত ঘৰুৱা দলটোৱে ৯ উইকেট হেৰুৱাই ২৬৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতীয় দলে অনায়াসে কেৱল ৩৬.৪ অ’ভাৰতে ৩টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পৃথ্বী শ্ব’ৰ আক্ৰমণাত্মক বেটিং পৰাক্ৰমে বিমোৰত পেলাইছিল শ্ৰীলংকাক।
ভাৰতৰ হৈ অধিনায়ক শিখৰ ধৱনে স্মৰণীয় ইনিংছ খেলে। ৯৫টা বলত ৮৬ ৰানেৰে অপৰাজতি হৈ ৰয় ধৱন। ইয়াৰ লগে লগে আন্তঃৰ্জাতিক ক্ৰিকেটত শিখৰে ৬হাজাৰ ৰান সম্পূৰ্ণ কৰিলে। এদিনীয়া ক্ৰিকেটত দ্বিতীয় দ্ৰুততম ভাৰতীয় বেটছমেন হিচাপে অন্য এক কৃতিত্ব অৰ্জন শিখৰ ধৱনৰ। উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ইতিমধ্যে ৬০০০ৰানৰ ৰেকৰ্ড অতিক্ৰম কৰিছে। ১৩৬টা ইনিংছত কোহলীয়ে এই কৃতত্ব অৰ্জন কৰিছিল। আনহাতে সৌৰভ গাংগুলীয়ে ১৪৭খন খেলত আৰু শেহতীয়াকৈ শিখৰ ধৱনে ১৪৩খন খেল খেলি এই তালিকাৰ দ্বিতীয় শাৰীলৈ উন্নীত হৈছে। ৩খন এদিনীয়া শৃংখলাত ভাৰতে ১-০ৰ অগ্ৰগতি লৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে এই জয়ে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে।
Leave A Comment