Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ডুবাই : চলিত বৰ্ষৰ আইপিএলত ৰোমাঞ্চকৰ জয়ৰে আৰম্ভ হৈছে ৰাজস্থান ৰয়েলছৰ অভিযান৷ ডুবাইত অনুষ্ঠিত হোৱা মঙলবাৰৰ মেচখনত ২ৰানত পৰাজয়বৰণ কৰে পঞ্জাব কিংছে।
আইপিএএলৰ দ্বিতীয় পৰ্বৰ তৃতীয়খন খেলত মঙলবাৰে নিশা ৰাজস্থান ৰয়েলছে পঞ্জাব কিংছক ২ৰানত পৰাস্ত কৰে। শ্বাসৰুদ্ধকৰ খেলখনত প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছৰ য়স্বভী জয়ছোৱালৰ ৪৯ৰান আৰু মহিপাল ল’মৰ’ৰ ৪৩ ৰানৰ সহায়ত ১৮৫ ৰানৰ সংগ্ৰহ কৰে। ইপিনে পঞ্জাব কিংছৰ অৰ্শদ্বীপ সিঙে ৩২ ৰানৰ বিনিময়ত ৫টা উইকেট আৰু মহম্মদ ছামীয়ে ২১ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰে।
আনহাতে, ১৮৬ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা পঞ্জাব কিংছৰ হৈ কে এল ৰাহুল আৰু মায়াংক আগৰৱালে প্ৰথম উইকেটৰ যুটিত ১২০ ৰান সংগ্ৰহ কৰি এক সফল আৰম্ভণি দিয়ে যদিও ভাগ্যই লগ নিদিলে দলটোক৷
এই জয়েৰে আইপিএলৰ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয় ৰাজস্থান ৰয়েলছ। পঞ্জাব কিংছ আছে তালিকাৰ সপ্তম স্থানত। আনহাতে, শীৰ্ষ স্থানত আছে এম এছ ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ।
Leave A Comment