Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
যোৰহাটঃ যোৰহাট জিলাৰ টীয়ক-মৰিয়নি সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলৰ বৈদহা চাহ বাগিচাত শনিবাৰে বিয়লি বন্যহস্তীৰ এটা জাকে আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে প্ৰায় ২০টা হাতীৰ জাকটোৱে বিগত কেইদিনমানৰ পৰা অঞ্চলটোত তাণ্ডৱ চলাই আহিছে আৰু আজি দুপৰীয়া ভাগত বাগিচাত চাহপাত তুলি থকা অৱস্থাত চাহ শ্ৰমিকলৈ চোচা লৈ আহে জাকটোৱে।
আৰু পঢ়িব পাৰিব : বিধ্বংসী অগ্নিকাণ্ড :নিঃশেষ হৈ গ’ল এখন স্থায়ী বজাৰ!
অৱশ্যে অঞ্চলটোৰ ৰাইজে হাতীৰ জাকটো খেদি গিৱন অভায়াৰণ্যলৈ পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।
আৰু পঢ়িব পাৰিব : ৰাজ্যত অব্যাহত গাহৰি ছিণ্ডিকেটঃ নৈশ-সান্ধ্যআইনৰ মাজতো প্ৰৱেশ বহিঃৰাজ্যৰ গাহৰিভৰ্তি ট্ৰাক
উল্লেখযোগ্য যে যোৰহাট বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো এই মুহূৰ্তলৈকে বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ৰাইজ শংকিত হৈ উজাগৰ নিশা কটাইছে।
Leave A Comment