Regional
গুৱাহাটী : কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ সৈতে আজি পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কৃত্ৰিম মূল্যবৃদ্ধি নোহোৱাকৈ সামগ্ৰী উৎপাদন, বিক্ৰীৰ ব্যৱস্থা লোৱাৰ লগতে প্ৰধান মন্ত্ৰীৰ ফচল বীমা আঁচনি, কৃষি বিভাগৰ পদন্নোতি, খালি পদ পূৰণ সন্দৰ্ভত আলোচনা কৰে৷
অতুল বৰাৰ নেতৃত্বত বিগত ৫ বছৰত কৃষি বিভাগত বুনিয়াদী গঠন হৈছে। শীঘ্ৰেই সাৰৰ অভাৱ দূৰ হব ৰাজ্যত। ১৮ চেপ্তেম্বৰত তেজপুৰ, লখিমপুৰলৈ সাৰ অহা আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে৷ কলা বজাৰৰ বাবে বজাৰত সাৰৰ কৃত্ৰিম নাটনি হয়৷ অসমৰ মাজেৰে সাৰ ম্যানমাৰলৈ যায় বুলিও মন্তব্য মুখ্যমন্ত্ৰীয়ে৷
মুখ্যমন্ত্ৰীয়ে লগতে কয় PM কিষান নিধিৰ আসোৱাহ দূৰ হব৷ নবেম্বৰৰ মাহৰ ভিতৰত অভিযোগ নথকা তালিকা প্ৰকাশ কৰা হ'ব৷ ইয়াৰ উপৰি চৰকাৰে ১০০% বীজ ৰেহাই দিয়াৰ পদক্ষেপ লব বুলিও জানিবলৈ দিয়ে । ৰাজ্যত অচিৰেই দুটা শীতলীকৰণ ভঁৰাল মুকলি হব। ইয়াৰে এটা হোজাইত আৰু আনটো বৰাগাঁৱত হব৷
ইপিনে কৃষিৰ পৰিবৰ্তে শিল বালি কঢ়িওৱাত ট্ৰেক্টৰ ব্যৱহাৰ হোৱাৰ বাবে কৃষি বিভাগৰ ট্ৰেক্টৰ বিতৰণ বন্ধ হ'ব৷ সেয়ে পুৰণি ব্যৱস্থাৰ সলনি কৰি তাৰ পৰিৱৰ্তে গাওঁত ফিছাৰি খন্দা হ'ব। যাৰ বাবে একোখন গাঁৱে ১০ লাখ টকালৈকে পাব।
Leave A Comment