• ডকাইতি কাণ্ডৰ তদন্তৰ বাবে আৰক্ষীক লাগে ৫০০০ আগধন


    কৰিমগঞ্জ : কৰিমগঞ্জৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক দিব লাগে উৎকোচ৷ বিশেষকৈ ডকাইতিৰ গোচৰ পঞ্জীয়ন কৰাৰ বাবে দিব লাগে ৫০০ টকা আৰু তদন্তৰ বাবে দিব লাগে ৫ হেজাৰকৈ টকা। কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষী থানাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।





    আৰু পঢ়িব পাৰিব : জন আব্ৰাহামে মুকলি কৰিলে ‘এক ভিলেইন ৰিটাৰ্নছ’ৰ পোষ্টাৰ





    জানিব পৰা মতে কৰিমগঞ্জ জিলাৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ব্ৰাহ্মণশাসন এলেকাৰ হাজী আব্দুল হামিদৰ ঘৰত বিগত ৩০ ডিচেম্বৰত ডকাইতি হৈছিল। ডকাইতে লুটি নিছিল নগদ ধনৰ লগতে বহু মূল্যবান কাগজ-পত্ৰ। ডকাইতি কৰিবলৈ যোৱা আটাইকেইটা ডকাইতক চিনাক্ত কৰিছিল ঘৰৰ গৰাকী আব্দুল হামিদে। পৰৱৰ্তী সময়ত নিলামবজাৰ থানাত ডকাইতৰ পৰিচয় উল্লেখ কৰি গোচৰ তৰিছিল হামিদে। কিন্তু গোচৰ পঞ্জীয়নৰ বাবে প্ৰথমদিনা ৫০০ টকা আদায় লয় নিলামবজাৰ আৰক্ষীয়ে।





    আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ





    আৰু তদন্তৰ বাবে ৫ হেজাৰ টকা দিবলৈ কয়। দুখীয়া পৰিয়ালৰ লোক আব্দুল হামিদে ২৫০০ টকা যোগাৰ কৰে। কিন্তু নিলামবজাৰ আৰক্ষীয়ে ৫ হেজাৰ দিবলৈ হেঁচা দিয়ে। দিব নোৱাৰিলে গাঁৱৰ লোক লৈ ডকাইতিৰ গোচৰ মীমাংসা কৰি ল'বলৈ কয়৷ বৰ্তমান লোকজনক চিনাক্ত হোৱা ডকাইতে দিনে-নিশাই হত্যাৰ ভাবুকি দি আহিছে৷ ডকাইতিৰ গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে টকা বিচৰাৰ কথা সংবাদমাধ্যমৰ যোগেদি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়াংক কুমাৰে লাভ কৰি তদন্তৰ নিৰ্দেশ দিয়ে।