• ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬২০০ জোপা শালগছ কটা প্ৰসংগত চূড়ান্ত সিদ্ধান্ত

    আঞ্চলিক
    ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬২০০ জোপা শালগছ কটা প্ৰসংগত চূড়ান্ত সিদ্ধান্ত

    ডিজিটেল ডেস্ক: এক নিৰন্তৰ প্ৰতিবাদ। গছ ৰক্ষাৰ বাবে কৰা প্ৰতিবাদ। এয়া যেন একৈশ শতিকাৰ 'চিপকো আন্দোলন'। পথ নিৰ্মাণৰ বাবে ধ্বংস কৰিবলৈ লোৱা হৈছিল ৬২০০ জোপা শালগছ। ৰাইজৰ প্ৰতিবাদত ৰক্ষা পৰিল ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬২০০ জোপা শালগছ। কেন্দ্ৰৰ বন পৰিৱেশ দপ্তৰৰ মহাপৰিদৰ্শকে গছ কাটি ফ'ৰলেন সম্প্ৰসাৰণ নকৰাৰ ঘোষণাৰ আজি চূড়ান্ত সিদ্ধান্ত লোৱা হয়। গছ নকটাৰ সিদ্ধান্তত অন্তিম মোহৰ লগায় NHIDCL-এ।






    শুকুৰবাৰে সন্ধিয়া হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত সভাত এই চূড়ান্ত সিদ্ধান্ত লোৱা হয় ৷ গছ নকটাকৈ বিকল্প স্থানৰে যাব চাৰিলেনযুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ হোজাই জিলা উপায়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই বৈঠক ৷ সভাত উপায়ুক্তৰ লগতে উপস্থিত আছিল অতিৰিক্ত উপায়ুক্ত, NHIDCL ৰ বিষয়া, হোজাইৰ DFO আৰু হোজাই জিলা আছুৰ প্ৰতিনিধি ৷ উল্লেখ্য যে, দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বন বিভাগৰ এগৰাকী বিষয়াই গছ নকটাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল ৷ এই খবৰ পোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছিল ডবকাবাসীৰ লগতে বিভিন্ন দল-সংগঠন।





    ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬২০০ জোপা মূল্যৱান গছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ তীব্ৰ বিৰোধিতা কৰি ১৫ অক্টোবৰৰ পৰা আন্দোলন কৰি আছিল হোজাই জিলা আছু, হোজাই জিলা আমছু, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদকে ধৰি ভিন্ন দল-সংগঠনে। অৱশেষত এই আন্দোলনৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল কেন্দ্ৰ চৰকাৰ।