Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ উজলি উঠিল এগৰাকী অসম কন্যা। নলবাৰীৰ বিশিষ্ট চিকিৎসক দম্পতী বিশিষ্ট লেখক ডাঃ শুভ্ৰকিংকৰ গোস্বামী আৰু ডাঃ বিজুলী গোস্বামীৰ কন্যা ডাঃ অনন্যা গোস্বামীয়ে সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত শ্ৰেষ্ঠত্ব অৰ্জনেৰে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।
নতুন দিল্লীৰ সৰ্বভাৰতী আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ পৰা ‘নেত্ৰ চিকিৎসা বিজ্ঞান’ শাখাত তেওঁ শ্ৰেষ্ঠ স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ খিতাপ অৰ্জন কৰিছে। যোৱা ২৫ ছেপ্টেম্বৰত এইমছৰ ৬৬তম প্ৰতিষ্ঠা দিৱসৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই এই কৃতিত্বৰ স্বীকৃতি হিচাপে তেওঁক প্ৰদান কৰে সন্মানীয় ডা: বোধৰাজ ছভাৰৱাল পদক (Dr. Bodhraj Sabharwal medal) ।
পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি এনে কৃতিত্বৰ অধিকাৰী হোৱা ডাঃ অনন্যা গোস্বামীক লৈ সকলো গৰ্বিত হৈ পৰিছে। ডাঃ অনন্যা গোস্বামীৰ ৰূপত অসমে আন এগৰাকী কৃতি চকুৰোগ বিশেষজ্ঞ লাভ কৰাটোও আশাপ্ৰদ খবৰ।
Leave A Comment