• ডাইনীৰ সন্দেহত গাঁও এৰিবলৈ বাধ্য কৰালে এটি পৰিয়ালকঃ আটক ৩

    আঞ্চলিক
    ডাইনীৰ সন্দেহত গাঁও এৰিবলৈ বাধ্য কৰালে এটি পৰিয়ালকঃ আটক ৩

    ডিফুঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উত্তৰণৰ পাছতো এচাম অন্ধবিশ্বাসী লোকৰ মনৰ পৰা আঁতৰ হোৱা নাই ‘ডাইনী সন্দেহ’ৰ দৰে কু-সংস্কাৰ। ৰাজ্যৰ চৌদিশে নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ সময়তে কাৰ্বি পাহাৰৰ হাওৰাঘাটৰ হানবুকা বেগাঁৱৰ এটি পৰিয়াল বলি হৈছে অন্ধবিশ্বাসৰ।





    আৰু পঢ়িব পাৰিব : ৰহাত ড৹ হিমন্ত বিশ্ব শৰ্মাঃ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ চলাইছে প্ৰচাৰ





    গাঁওখনৰ মণিৰাম টেৰণ নামৰ অজন লোকক গাঁওবাসীয়ে ডাইনী সজাই মানসিক নিৰ্যাতন চলোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে লোকজনৰ পৰা গাঁওবাসীয়ে গাঁৱৰপৰা পৰা 'ডাইনী' খেদি পঠোৱাৰ নামত ১ লাখ ৩০ হাজাৰ জৰিমনা আদায় কৰিছে। তাৰ পাছতো গঞাই অত্যাচাৰ আৰু ভয়-ভাবুকি প্ৰদান কৰিছে মণিৰাম টেৰণক। নিৰ্দিষ্ট সময়ৰ ভিতৰত গাঁও এৰি যোৱাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল গাঁওবাসীয়ে।





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ কামত সহযোগ নকৰে গৃহৰক্ষী জোৱানেঃ অসহযোগ আন্দোলনৰ হুংকাৰ





    উপায়ন্তৰ হৈ পৰিয়ালসহ মণিৰাম টেৰণে গাঁও এৰি পলায়ন কৰিছে। লগতে ভয়ত স্বেচ্ছাই গাঁও ত্যাগ কৰিছে মণিৰাম টেৰণৰ নিকট আত্মীয়ৰ আন তিনিটা পৰিয়াল। ঘটনাক কেন্দ্ৰ কৰি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে সোধা-পোছাৰ বাবে তিনিজন ব্যক্তিক আটক কৰিছে।