• ডিগবৈত কৰ'নাৰ গণসংক্ৰমণ : আতংকিত সাধাৰণ জনসাধাৰণ

    আঞ্চলিক
    ডিগবৈত কৰ'নাৰ গণসংক্ৰমণ : আতংকিত সাধাৰণ জনসাধাৰণ

    তিনিচুকীয়াঃ ডিগবৈ ৰিফাইনেৰীলৈ কৰ্মসূত্ৰে বহিঃৰাজ্যৰপৰা প্ৰায় ২২০০গৰাকী অস্থায়ী শ্ৰমিক আহি সমগ্র ডিগবৈত কৰ’না ভাইৰাছৰ গণসংক্ৰমণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে সুদূৰ গুজৰাটৰ পৰা অহা মনোহৰ পাটেল নামৰ এগৰাকী শ্ৰমিকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত আজি পুনৰ ডিগবৈ আইঅ’চিৰ মেনেজমেণ্টৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে।





    আৰু পঢ়িব পাৰিব : চুক্ৰুংবাৰীত বন্যহস্থীৰ উপদ্ৰৱঃ হাতীয়ে ভাঙিলে বাসগৃহ





    কেইবাখনো বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দেহতো ক’ভিডৰ উপস্থিতিয়ে দেখা দিছে। বহিঃৰাজ্যৰ পৰা অহা অস্থায়ী শ্ৰমিকসকলে ক’ভিড প্ৰট'কল অমান্য কৰি হেণ্ডগ্ল’ভছ, মাস্ক পৰিধান নকৰি কৰ্মস্থলীত কাম কৰা দেখিবলৈ পোৱাৰ লগতে নগৰখনত ঘূৰি ফুৰাত স্থানীয় জনসাধাৰণ আতংকিত হৈ পৰিছে।





    এইক্ষেত্ৰত আইঅ’চি এঅ’ডি’ হাস্পতাল কৰ্তৃপক্ষই স্থানীয় জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত বৰ্তমানেও যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে সংবাদ মাধ্যমত গুজৰাটৰ পৰা অহা শ্ৰমিকজনৰ মৃত্যুৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতেই তিনিচুকীয়া জিলা উপায়ুক্ত দিগন্ত শইকীয়াই ডিগবৈ ৰাজ্যিক চিকিৎসালয়ক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰে।





    আৰু পঢ়িব পাৰিব : তিনিটা পৰ্যায়ত হ’ব অসমৰ বিধানসভা নিৰ্বাচন: ২৭ মাৰ্চত হ’ব প্ৰথম প্ৰযায়ৰ ভোটগ্ৰহণ





    ডিগবৈ ৰাজ্যিক চিকিৎসালয়ৰ এটি দলে আজি ডিগবৈ নগৰ সমিতিৰ কাৰ্যালয় আৰু ডিগবৈ মহাবিদ্যালয়ত শতাধিক ব্যক্তিক ক’ভিড টেষ্ট কৰা হয়। ডিগবৈৰ বিধায়ক সুৰেন ফুকনে এই সমগ্ৰ ঘটনাৰ বাবে আইঅ’চি কৰ্তৃপক্ষক জগৰীয়া কৰে। এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু আইঅ’চি কৰ্তৃপক্ষই কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব, সেয়াহে লক্ষ্যণীয় হ’ব।