• ডিফুত শোকাৱহ পথদুৰ্ঘটনাঃ নিহত ৩

    আঞ্চলিক
    ডিফুত শোকাৱহ পথদুৰ্ঘটনাঃ নিহত ৩

    গুৱাহাটীঃ ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে পথদুৰ্ঘটনা। ডিফুৰ বিৰলাতো সংঘটিত হৈছে এক শোকাৱহ পথদুৰ্ঘটনা। উক্ত দুৰ্ঘটনাটিত নিহত হয় ৩জন ব্যক্তি। এখন বাইক আৰু এখন অট’ৰিক্সাক খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে।





    আৰু পঢ়িব পাৰিব: বহিঃৰ্বিশ্বৰে সংযোগ বিচ্ছিন্ন! কৰ’নাই অকলশৰীয়া কৰিব নেকি ভাৰতক?





    পিছফালৰ পৰা খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় সুভাষ মালাকাৰ(৩৫) নামৰ অট’চালকগৰাকী। উক্ত দুৰ্ঘটনাত আহত হয় দুজন বাইক আৰোহী ক্ৰমে দীপু টকবী(২০) আৰু গোবিন্দ ব্ৰহ্ম(২৫)।





    আৰু পঢ়িব পাৰিব:মৃত্যুৰ বাতৰি ভুৱা : কেনে আছে ভিতালী দাস?





    আহত হোৱা বাইক আৰোহী দুজনক চিকিৎসাৰ বাবে ‘ডিএমচিএইচ’লৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু ঘটে দুয়োৰে।
    দুৰ্ঘটনাগ্ৰস্ত হোৱা ট্ৰাক আৰু বাইকখনৰ নম্বৰ ক্ৰমে-AMA 7017 আৰু ASO9D 2829।অট’ৰিক্সাখনৰ বৰ্তমানেও হোৱা নাই পঞ্জীয়ন। প্ৰথমে বিপৰীত দিশৰ পৰা অহা বাইকখনক তাৰ পাছত একেদিশপৰা অহা অট’খনক খুন্দা মাৰে ট্ৰাকখনে।