• ডিব্ৰুগড়স্থিত ICMRৰ বৃহৎ সাফল্য : দুঘণ্টাৰ ভিতৰতে চিনাক্ত হ’ব অ’মিক্ৰন

    আঞ্চলিক
    ডিব্ৰুগড়স্থিত ICMRৰ বৃহৎ সাফল্য : দুঘণ্টাৰ ভিতৰতে চিনাক্ত হ’ব অ’মিক্ৰন

    ডিব্ৰুগড় : সমগ্ৰ বিশ্বতে এতিয়া ক'ভিডৰ পাছতে অ'মিক্ৰন এক আতংকৰ কাৰণ হৈ পৰিছে। অতি কম সময়ৰ ভিতৰতে অ'মিক্ৰন বিয়পিছে ইখনৰ পাছত সিখন দেশলৈ। ইতিমধ্যেই বিশেষজ্ঞ চিকিৎসকে জনাইছে অ'মিক্ৰনৰ ভয়াবহতাৰ কথা। ক'ভিডৰ আনবোৰ ভেৰিয়েন্টতকৈ বহু বেছি দ্ৰুতগতিত বিয়পিব পাৰে অ'মিক্ৰন। অ'মিক্ৰন ভাইৰাছত আক্ৰান্ত এজন ৰোগীৰ পৰা ১৪দিনৰ ভিতৰতে প্ৰায় ৮০ পৰা ১০০জনলৈ বিয়পাব পাৰে। এই ভাইৰাছ চিনাক্ত কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড়স্থিত Indian Council of Medical Research Center চমুকৈ ICMRৰে লাভ কৰে বৃহৎ সাফল্য৷ এতিয়াৰে পৰা মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত হব ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰন।





    অ'মিক্ৰন ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক সকলে পৰীক্ষা নিৰীক্ষা কৰি থকাৰ মাজতে ডিব্ৰুগড় স্থিত Indian Council of Medical Research Center চমুকৈ ICMR ৰে প্ৰস্তুত কৰি উলিয়াইছে ক'ভিডৰ এই নতুন ভেৰিয়েন্ট অমিক্ৰণক চিনাক্ত কৰিব পৰা কিট। সমগ্ৰ দেশৰ ভিতৰতে ICMRৰ বৈজ্ঞানিকৰ দলে প্ৰস্তুত কৰা এই কিটৰ জৰিয়তে মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব মাৰাত্মক এই অ'মিক্ৰন ভাইৰাছ। কেন্দ্ৰটোৰ জ্যেষ্ঠ বৈজ্ঞানিক ড⁰ বিশ্বজিত বৰকাকতিয়ে জনোৱা মতে কেইটামান দিনৰ পাছতে সহজতে উপলব্ধ হ'ব এই কিট।





    বৰ্তমানে অ'মিক্ৰন ভাইৰাছ চিনাক্ত কৰিবলৈ প্ৰয়োজন হয় ২দিনৰ পৰা ৪দিনৰ সময়। তাৰ বিপৰীতে এই কিট ব্যৱহাৰ কৰি মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব এই অ'মিক্ৰন ভাইৰাছ। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ যোৱা ২৫নবেম্বৰত ক'ভিডৰ অতি শক্তিশালী ৰূপ অমিক্ৰণ ধৰা পৰাৰ লগে লগে ICMRৰ ইয়াৰ ওপৰত পৰীক্ষা অৰম্ভ কৰিছিল। যিহেতু ভাৰতত সেই সময়ত এই ভাইৰাছত কোনো আক্ৰান্ত নাছিল সেইবাবে কৃত্ৰিম ভাবে অ'মিক্ৰন তৈয়াৰ কৰি পৰীক্ষা আৰম্ভ কৰিছিল আৰু বৰ্তমান এই পৰীক্ষা সফল হৈছে।