• ডিব্ৰুগড়ৰ কংগ্ৰেছ সভাপতিৰ দায়িত্ব এৰিলে এতোৱা মুণ্ডাই

    আঞ্চলিক
    ডিব্ৰুগড়ৰ কংগ্ৰেছ সভাপতিৰ দায়িত্ব এৰিলে এতোৱা মুণ্ডাই

    ডিব্ৰুগড়: ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত৷ এই সময়ত এতিয়া দেখা গৈছে ভিন্ন ৰণনীতি। সলনি হৈছে নিৰ্বাচনী ৰণ কৌশল। এই সময়তে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব এৰিছে একালৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী এতোৱা মুণ্ডাই।





    আৰু পঢ়িব পাৰিব : বাকসাৰ গোৰেশ্বৰ আৰু শুৱাগপুৰত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ





    আজি ডিব্ৰুগড়ৰ ‘ৰাজীৱ ভৱন’ত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত অনুষ্ঠানিকভাৱে তেওঁ এই দায়িত্ব ত্যাগ কৰে৷ জ্যেষ্ঠ নেতা দেৱৰঞ্জন গগৈক তেওঁ দায়িত্ব অৰ্পণ কৰে। বিধানসভা নিৰ্বাচন বাবে এই দায়িত্ব এৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰে এতোৱা মুণ্ডাই।





    আৰু পঢ়িব পাৰিব : কমেডিয়ান মুনাৱৰ ফাৰুকীক অন্তৰৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ





    ইফালে এই অনুষ্ঠানতে কৃষক মুক্তিৰ সংগ্ৰাম সমিতি মৰাণৰ সভাপতি তথা ‘কা’বিৰোধী মঞ্চৰ উপ-সভাপতি নীলমণি পানীফুকনে কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ বহুসংখ্যক সতীৰ্থসহ এই সভাতে কংগ্ৰেছত যোগদান কৰে।