• ডিব্ৰুগড়ৰ নাহৰৰ দেশত উপস্থিত মেৰিকম; আনন্দিত ছাত্ৰ সমাজ

    আঞ্চলিক
    ডিব্ৰুগড়ৰ নাহৰৰ দেশত উপস্থিত মেৰিকম; আনন্দিত ছাত্ৰ সমাজ

    ডিজিটেল ডেস্কঃ নাহৰৰ দেশত উপস্থিত বক্সাৰৰ ৰাণী এম চি মেৰিকম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক সপ্তাহত মুখ্য অতিথি হিচাপে উপস্থিত মেৰিকমৰ। উত্তৰ-পূৱৰ কিংবদন্তি খেলুৱৈগৰাকীক সন্মুখত পাই আনন্দত উল্লাসিত হৈ পৰিল শিক্ষাৰ্থীসকল। বিশ্ববিদ্যালয়ৰ ৩৬ টাকৈ বিভাগে অভিবাদন জনালে বিশ্বতাৰকা খেলুৱৈগৰাকীক।





    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৫২ সংখ্যক বিশ্ববিদ্যালয়ৰ সপ্তাহত অংশগ্ৰহণ কৰে মেৰিকমে। এই অনুষ্ঠানত তেওঁ ক'লে নিজৰ যাত্ৰা আৰু জীৱনৰ কথা। মহিলাসকলক নিজকে দুৰ্বল প্ৰাণী হিচাপে কেতিয়াও ভাবিব নালাগে বুলি মন্তব্য মেৰিকমৰ।









    কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ দ্বাৰাহে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলিও বক্সাৰগৰাকীয়ে প্ৰকাশ কৰে। এটা কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মেৰিকমে তেওঁৰ এই যাত্ৰাত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হোৱা বুলিও মন্তব্য কৰে। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিমালয় বাৰিকে আদৰণি ভাষণ প্ৰদান কৰা এই শুভাৰম্ভণি অনুষ্ঠানত বিশ্ববিদ্যালয় আৰু ছাত্র একতা সভাৰ পতাকা উত্তোলন কৰে উপাচাৰ্য ড০ লীলাকান্ত নাথ আৰু ছাত্র একতা সভাৰ সভাপতি পৱন গগৈয়ে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়।





    আৰু পঢ়কঃ ৰজনীকান্তঃ কুলী,কণ্ডাক্টৰৰ পৰা ছুপাৰষ্টাৰলৈকে বৰ্ণিল যাত্ৰা