• ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ...

    আঞ্চলিক
    ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ...

    ডিব্ৰুগড় : বহু বিতৰ্ক প্ৰতিবাদৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি প্ৰদান কৰে৷ ডঃ লীলাকান্ত নাথক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়ে বিশ্ববিদ্যালয়খনত৷ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে বৃহস্পতিবাৰে এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে৷





    আৰু পঢ়িব পাৰিব : নৱনিযুক্ত এছআইৰ নিযুক্তিপত্ৰ বিতৰণঃ হিমা দাসো আজিৰেপৰা ডিএছপিৰ ৰূপত





    নতুন উপাচাৰ্য ডঃ লীলাকান্ত নাথ ফাৰ্মাচিউটিকেল বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত৷ বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলেংকাৰি আৰু অনিয়মৰ ভিত্তিত ১১ ফেব্ৰুৱাৰীত উপাচাৰ্য পদৰ পৰা নিলম্বিত হৈছিল ডঃ ৰঞ্জিত তামুলী৷ ইয়াৰ পাছতে আৰ এন এছ যাদৱক দিয়া হৈছিল ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব৷





    আৰু পঢ়িব পাৰিব : দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড : লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট





    উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত অৱসৰ ল’ব ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ এন এছ যাদৱে৷ ইয়াৰ পাছতে ১ মাৰ্চত কাৰ্যভাৰ গ্ৰহণ কৰিব নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ লীলাকান্ত নাথে৷