• ডিব্ৰুগড়ত জব্দ বহিঃৰাজ্যৰ গাহৰি

    আঞ্চলিক
    ডিব্ৰুগড়ত জব্দ বহিঃৰাজ্যৰ গাহৰি

    ডিব্ৰুগড়ঃ অসমৰ বিভিন্ন প্ৰান্তত শিক্ষিতৰ নিবনুৱাসকলে গাহৰি পালনেৰে বাছনি কৰি লৈছে স্বাৱলম্বিতাৰ পথ। অসমত থলুৱা গাহৰিৰ মাংসৰ চাহিদাৰ বাবেই এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।





    তেনে সময়তে কিন্তু থলুৱা যুৱকসকলক আৰু থলুৱা গাহৰিৰ ব্যৱসায় নিশেষ কৰি অধিক মুনাফা লাভৰ বাবে বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰি ব্যৱসায় চলাই আহিছে এটা অসাধু চক্ৰই। এনে কাৰ্যৰ ঘোৰ বিৰোধিতা কৰি আহিছে থলুৱা গাহৰি পালকসকলে।





    ইমানৰ পাছতো বহিঃৰাজ্যৰ গাহৰিৰ সৰবৰাহ কৰি থকাত আজি সদৌ অসম গাহৰি পালক সন্থাই ডিব্ৰুগড়ৰ মোহনবাৰীত বহিঃৰাজ্যৰ ২৫ টাকৈ গাহৰি জব্দ কৰে। লগতে বহিঃৰাজ্যৰ পৰা গাহৰি আনি কাটি থকা অৱস্থাতো ৪টাকৈ গাহৰি জব্দ কৰে। ইয়াৰ পাছতে মোহনবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।