National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ডুমডুমাঃ ডুমডুমাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ ফলত কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ আৰু সক্ৰিয় নেতা লক্ষী সোণোৱালৰ মৃত্যু ঘটিছে| ডুমডুমাৰ ‘টিপুক চাহ বাগিচা’ৰ কলঘৰৰ সমিপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় বৰ্ষীয়ান নেতাগৰাকী। খবৰ অনুসৰি ঢলা দিশৰ পৰা স্কুটীত ডুমডুমা দিশে আহি থকা অৱস্থাত টিপুক চাহ বাগিচাৰ পানী টেংকী সংলগ্ন এখন ট্ৰেক্টৰে পিছফালে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সোণোৱাল|
আৰু পঢ়িব পাৰিব : “বিগত ৫বছৰত অসমত কোনোধৰণৰ আন্দোলন হোৱা নাই” : অমিত শ্বাহ
পৰৱৰ্তী সময়ত বাগিচাখনৰ মেনেজাৰে নিজ বাহনত সোণোৱালক ডুমডুমাৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে সোণোৱালক মৃত বুলি ঘোষণা কৰে| দীৰ্ঘ সময়ৰপৰা সোণোৱালে কাকপথাৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিৰ দ্বায়িত্ব পালন কৰি অহাৰ লগতে ডুমডুমা নগৰ সমিতিত একালত সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল| বৰ্তমান তেওঁ ডুমডুমাৰ পৌৰ সভাৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ আৰু কংগ্ৰেছ দলৰ বিভিন্ন সমিতিত গুৰুত্বপূৰ্ণ দ্বায়িত্বত থকাৰ লগতে স্থানীয় বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো জড়িত আছিল|
আৰু পঢ়িব পাৰিব : ক’ভিড–১৯ত আক্রান্ত পত্নীসহ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী
জনপ্ৰিয় নেতাগৰাকীৰ এনে অকাল বিয়োগত সমগ্ৰ ডুমডুমা অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে| দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন আৰক্ষীয়ে জব্দ কৰিছে যদিও দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেক্টৰ চালকগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে| মৃত সোণোৱালৰ শৱদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
Leave A Comment