National
A government school teacher in Bihar's Vaishali district was allegedly kidnapped by a "Pakrauwa gang" and forcibly married...
Digital Desk: A shocking incident has rattled Bihar’s Vaishali district as a government sch
কামৰূপ : ড্ৰাগছ বিৰোধী অভিযানেৰে সংবাদ শিৰোনাম দখল কৰি আহিছে অসম আৰক্ষীয়ে৷ এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত সফলতা লাভ কৰে কামৰূপ আৰক্ষীয়ে। তথ্য অনুসৰি, কামৰূপ আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমান ড্ৰাগছ। মহানগৰীৰ বেহাৰবাৰীৰ পৰাই ৯ কেচ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ জামিৰ খান আৰু ছয়গাঁৱৰ ৰমেন বড়ো নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক। নিশা মহানগৰীৰ কেইবাঠাইতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল কামৰূপ আৰক্ষীয়ে।
কামৰূপ জিলা উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল এই অভিযান। ৰমেন বড়োৱে মণিপুৰত দীৰ্ঘদিনৰপৰা ফাষ্ট ফুডৰ ব্যৱসায় কৰি আহিছিল। পৰৱৰ্তী সময়ত লকডাউনত ঘৰতে থকা ৰমেনে ড্ৰাগছ ব্যৱসায় আৰম্ভ কৰে। তেওঁৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী আৰক্ষী থানাত ১৩৫/২০২১নম্বৰত গোচৰ ৰুজু কৰা হৈছে ।
Leave A Comment